১০ মিনিটত হৃদযন্ত্ৰ ধৰা পৰিব! ইৰাণৰ দ্বাৰা উদ্ভাৱন কৰা নতুন কিট


দহ মিনিটত হাৰ্ট এটেক হৈছে নে নাই জানিব পাৰিব।

ইৰাণৰ এটা গৱেষণা প্ৰতিষ্ঠানে হৃদৰোগ ধৰা পেলাবলৈ এনে কিট আৱিষ্কাৰ কৰিছে। পৰিসংখ্যা অনুসৰি এই কিট ব্যৱহাৰ কৰিলে বহু লোকৰ ৰাহি হ’ব আৰু স্বাস্থ্যসেৱা খণ্ডত খৰচ কমি যাব। যেতিয়া মানুহৰ শৰীৰত হৃদযন্ত্ৰৰ পেশীৰ ক্ষতি হয় তেতিয়া ট্ৰপনিন নামৰ প্ৰটিন তেজত নিৰ্গত হয়। এই অৱস্থাত এজন ব্যক্তিৰ আঙুলিৰ পৰা মাত্ৰ এটোপাল তেজ লৈ এই কিটৰ সহায়ত পৰীক্ষা কৰি তেজৰ ট্ৰপনিনৰ মাত্ৰা ধৰা পেলাব পাৰি।

যিকোনো ব্যক্তিয়ে ঘৰৰ লগতে চিকিৎসালয়ত ১০ মিনিটত এই পৰীক্ষা কৰিব পাৰে। এই কিটে লক্ষণবিহীন হাৰ্ট এটেক হ’লেও ধৰা পেলাব পাৰে। ফলত শীঘ্ৰে উপযুক্ত চিকিৎসা লাভ কৰা সম্ভৱ হ’ব। কিট আৱিষ্কাৰ কৰা কোম্পানীটোৰ বিশেষজ্ঞসকলে কয় যে এই কিটৰ সংবেদনশীলতা ৯৮ শতাংশ। ইৰাণৰ বেছিভাগ প্ৰতিষ্ঠানে এই কিটৰ কাৰ্য্যক্ষমতাক অনুমোদন জনাইছে। ইতিমধ্যে বহু ঠাইত এই কিট ব্যৱহাৰ কৰা হৈছে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment