নিউজ ডেস্ক, ১৪ আগষ্টঃ লখিমপুৰত আৰক্ষীৰ গুলীচালনা। গুলীবিদ্ধ আনাৰুল ইছলাম নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰী। বঙালমৰাৰ ২নং ইছলামপুৰত এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। ভৰিত গুলী লাগি আঘাতপ্ৰাপ্ত হয় সৰবৰাহকাৰী আনাৰুল। ভাতৃ ছাদ্দাম হুছেইনৰ সন্ধানত আনাৰুলক লগত লৈ আৰক্ষীয়ে চলাইছিল এই অভিযান। অভিযানৰ সময়ত পলায়নৰ চেষ্টা কৰিছিল আনাৰুলে। বৰ্তমান আঘাতপ্ৰাপ্ত আনাৰুল চিকিৎসাধীন হৈ আছে।
উল্লেখ্য যে, আৰক্ষীয়ে কি গোচৰত অভিযান চলাইছিল সেয়া এতিয়াও সদৰী কৰা নাই। কিছুদিন পূৰ্বে ড্ৰাগছ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল আনাৰুল ইছলাম।