Daily Time Axom

চিৰাঙত গঁড়ৰ চোৰাং চিকাৰীলৈ আৰক্ষীৰ গুলীচালনা

61

নিউজ ডেস্ক, ১৪ আগষ্টঃ চিৰাঙত গঁড়ৰ চোৰাং চিকাৰীলৈ আৰক্ষীৰ গুলীচালনা। গুলীবিদ্ধ চোৰাং চিকাৰী নৱেশ্বৰ বসুমতাৰী। আমগুৰি থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ জালুকনিৰ মালেভিটাত এই ঘটনা সংঘটিত হয়। দুটাকৈ গঁড়, ৪০টাৰো অধিক বন্যহস্তী চিকাৰৰ সৈতে জড়িত আছিল নৱেশ্বৰ বসুমতাৰী। নিশা বন বিভাগ-আৰক্ষীৰ অভিযানৰ সময়তে এই গুলীচালনাৰ ঘটনা সংঘটিত হয়। নৱেশ্বৰক লগত লৈ চলিছিল আৰক্ষী-বন বিভাগৰ অভিযান। অভিযানৰ সময়তে আৰক্ষীৰ ওপৰত চোৰাং চিকাৰীৰ দলে কৰে আক্ৰমণ।এই আক্ৰমণৰ প্ৰত্যুত্তৰত গুলীচালনা কৰে অভিযানকাৰী দলটোৱে। ঘটনাত আহত হয় এগৰাকী আৰক্ষীও। দেওবাৰে চিৰাঙত গঁড় হত্যাত ব্যৱহৃত সামগ্ৰীসহ ৩ চিকাৰীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

Comments are closed, but trackbacks and pingbacks are open.