নিউজ ডেস্ক, ১৪ আগষ্টঃ বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনাৰ ৰহস্য এতিয়াও ওৰ পৰা নাই। ঘটনাক লৈ এতিয়াও অব্যাহত আছে আৰক্ষীৰ তদন্ত । আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য। ইজনৰ পিছত সিজন লোক সাঙোৰ খাইছে এই চাঞ্চল্যকৰ ঘটনাৰ সৈতে। এইপৰ্যন্ত মুঠ ৫জন লোকৰ নাম পোহৰলৈ আহিছে ।
ইফালে, দ্বীপন ডেকা নামৰ এজন লোকো এই ফটো ভাইৰেল কাণ্ডৰ সৈতে সাঙোৰ খাইছে। অভিযোগ মতে, মতে দ্বীবন ডেকাই ভাইৰেল কৰিছিল ইন্দ্ৰাণী তহবিলদাৰৰ ফটো। অৱশ্যে এই কথা এইপৰ্যন্ত স্পষ্ট হোৱা নাই। এই ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা আন দুই অভিযুক্ত অনুৰাগ চলিহা আৰু অভিমন্যু দাস বৰ্তমান পলাতক।
অভিযোগ মতে, ইন্দ্ৰাণীৰ ঘৰত প্ৰায়ে হৈছিল গীতৰ আখৰা। এই আখৰাত অংশগ্ৰহণ কৰিছিল অনুৰাগে। ইন্দ্ৰাণীয়ে গাইছিল, য’ত সহযোগ কৰিছিল অনুৰাগে।অভিযোগ অনুসৰি, অনুৰাগ চলিহাৰ সৈতে চিনাকি হৈছিল অভিমন্যু দাসৰ। বিভিন্ন কাম আৰু সা-সুবিধা প্ৰদান কৰাৰ নামত অভিমন্যুৰ পৰা বৃহৎ পৰিমাণৰ ধন আদায় লৈছিল অনুৰাগে। কিন্তু সময় পাৰ হৈ গ’ল যদিও কোনো কাম অথবা সুবিধা কৰি দিব নোৱাৰিলে অনুৰাগে। ফলত দুয়োজনৰ মাজত সৃষ্টি হয় সংঘাতৰ। এই সংঘাতে এসময়ত চূড়ান্ত পৰ্যায় পায়। এদিন ধন আদায় বিচাৰি অনুৰাগৰ কাষ পাইগৈ অভিমন্যু। তেতিয়াই অভিমন্যুৱে অনুৰাগক মাৰ-ধৰ কৰাৰ লগতে কাঢ়ি লৈ আহে মোবাইলটো। আৰু মোবাইলটো লৈ অহাৰ পাছতে আৰম্ভ হ’ল অন্য এক অধ্যায়।অনুৰাগৰ মোবাইলটোতে আছিল ইন্দ্ৰাণীৰ সৈতে থকা অন্তৰংগ মুহূৰ্তৰ বহু ছবি আৰু ভিডিঅ’। ধন আদায় নিদিলে এই গোপন ফটোবোৰ ভাইৰেল কৰি দিয়া হ’ব বুলি অনুৰাগক ভাবুকি দিলে অভিমন্যুৱে। আনকি ইন্দ্ৰাণীকো ফটো ভাইৰেল কৰাৰ ভাবুকি দিয়ে অভিমন্যুৱে। সেই সময়ত অভিমন্যুৱে তেওঁক বিজেপিৰ কৃষাণ মৰ্চাত অন্তৰ্ভুক্ত কৰিবলৈও দাবী জনাইছিল অনুৰাগ আৰু ইন্দ্ৰাণীক। কিন্তু এই কাম কৰিব নোৱাৰিলে ইন্দ্ৰাণী-অনুৰাগে।
ইফালে, দ্বীপন ডেকা নামৰ এজন লোকো এই ফটো ভাইৰেল কাণ্ডৰ সৈতে সাঙোৰ খাইছে। অভিযোগ মতে, মতে দ্বীপন ডেকাই ভাইৰেল কৰিছিল ইন্দ্ৰাণী তহবিলদাৰৰ ফটো। অৱশ্যে এই কথা এইপৰ্যন্ত স্পষ্ট হোৱা নাই। সময়ত হয়তো সকলো কথা স্পষ্ট হ’ব।
আৰক্ষীৰ তথ্য অনুসৰি, অনুৰাগক প্ৰতিশোধ লোৱাৰ উদ্দেশ্যৰেই কিছুদিন পূৰ্বে অভিমন্যুৱে ছচিয়েল মিডিয়াত ভাইৰেল কৰে ইন্দ্ৰাণী-অনুৰাগৰ গোপন ফটো। যাৰ ফলতে হয়তো ইন্দ্ৰাণীয়ে ল’লে চূড়ান্ত সিদ্ধান্ত। ইতিমধ্যে চানমাৰি থানাত পলাতক অনুৰাগ চলিহাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ইন্দ্ৰাণীৰ স্বামী ৰীতেশ তহবিলদাৰে। প্ৰবঞ্চনা আৰু প্ৰতাৰণাত জড়িত হৈ থকা অনুৰাগ আৰু অভিমন্যুক গ্ৰেপ্তাৰ কৰিব পাৰিলেহে পোহৰলৈ আহিব ইন্দ্ৰাণীৰ চাঞ্চল্যকৰ মৃত্যুৰ আন বহু গোপন তথ্য।।