Daily Time Axom

পোহৰলৈ আহিছে ৰঙিয়া কাণ্ডৰ ন ন তথ্য

0 37

ৰঙিয়াত মাতৃ–কন্যাৰ মৃতদেহ উদ্ধাৰৰ ঘটনাৰ ন ন তথ্য পোহৰলৈ আহিছে। সঘনাই সলনি হৈছে ঘৰৰ মুৰব্বী প্ৰবীণ আগৰৱালাৰ ভাষ্য। স্থানীয় লোকৰ ভাষ্য অনুসৰি, প্ৰথমে নিগনি মৰা বিহ পান কৰাইছিল পত্নী-কন্যাক। তাৰ পাছতো মৃত্যু নোহোৱাত ডিঙিত চিপ লগাইছিল তিনিওজনে। ইয়াৰ পাছতে মৃত্যু হৈছিল পত্নী নিশা আগৰৱালা আৰু জীয়ৰী কণিকা আগৰৱালাৰ। কিন্তু মৃত্যুৰ পৰা ৰক্ষা পৰিছিল প্ৰবীণ আগৰৱালা।
পত্নী কন্যাৰ মৃত্যু হোৱাৰ পিছত মৃতদেহৰ ওপৰত চাদৰ ঢাকি দিছিল প্ৰবীণে। তাৰ পিছত মৃতদেহৰ সৈতে একেটা কোঠাতে আছিল তেওঁ।স্থানীয় লোকে জনোৱা অুসৰি, ঘটনা পোহৰলৈ অহাৰ দিনা পুৱা ঘৰত পূজা–পাতল কৰি ওলাই গৈছিল পৱন আগৰৱালা। তাৰ পিছতে ৰে’লত উঠি নগাঁও পাইছিল । ৰঙিয়াৰ পৰা নগাঁওৰ চাপৰমুখলৈ গৈ চাপৰমুখতো আত্মঘাতী হোৱাৰ চেষ্টাও চলাইছিল প্ৰবীণ আগৰৱালাই। কিন্তু তাতো ব্যৰ্থ হয়।আৰু তাৰ পাছতে আৰক্ষীয়ে প্ৰবীণ আগৰৱালাক আটক কৰি নগাঁৱৰ পৰা ৰঙিয়ালৈ লৈ আনে ।বৰ্তমান ৰঙিয়া থানাত জেৰা চলাই থকা হৈছে।
সোমবাৰে নিশা ফৰেনচিকৰ দলে তন্ন তন্নকৈ পৰীক্ষা কৰে ঘটনাস্থলী। অভিযুক্ত প্ৰবীণ আগৰৱালাৰ শাস্তিৰ দাবী স্থানীয় লোকৰ। এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী মাৰোৱাৰী সমাজৰ একাংশৰ।
উল্লেখযোগ্য যে ৰঙিয়া শিৱ মন্দিৰৰ সমীপত আছিল প্ৰবীণ আগৰৱালাৰ ব্যৱসায়িক প্ৰতিষ্ঠান। দিনে দিনে খালী হৈ আহিছিল প্ৰবীণ আগৰৱালাৰ ব্যৱসায়িক প্ৰতিষ্ঠান। একপ্ৰকাৰ ধাৰত পোত গৈ দেওলীয়া হৈছিল পৰিয়ালটো।আৰু সেই বাবে এই চৰম পন্থা বাচি লৈ পৰিয়ালটোয়ে । প্ৰবীণ আগৰৱালাই উল্লেখ কৰে যে এয়া পৰিকল্পিত আত্মহনন।কিন্ত আৰক্ষীৰ সঠিক তদন্তত হে পোহৰলৈ আহিব ঘটনাৰ ৰহস্য ।।

Leave A Reply

Your email address will not be published.