Daily Time Axom

অভিনেতা অক্ষয় কুমাৰে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব

42

নিউজ ডেস্ক, ১৫ আগষ্টঃ অভিনেতা অক্ষয় কুমাৰে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব। কানাডাৰ নাগৰিক অক্ষয় কুমাৰে ভাৰতত ৱৰ্কিং ভিছাৰে বলিউডত কাম কৰি আহিছিল।

‘হৃদয় আৰু নাগৰিকত্ব দুয়োটাই হিন্দুস্তানী’। ছ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰি অভিনেতাগৰাকীয়ে এনেদৰে জনালে স্বাধীনতা দিৱসৰ শুভেচ্ছা।

https://twitter.com/akshaykumar/status/1691338023185809409

জানিব পৰা মতে, অভিনেতাগৰাকীয়ে ২০১৯ চনতেই ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিছিল যদিও নাগৰিকত্ব লাভ কৰা নাছিল। অৱশেষত তেওঁক প্ৰদান কৰা হ’ল ভাৰতীয় নাগৰিকত্ব। ইয়াৰ লগে লগে তেওঁ ত্যাগ কৰিছে কানাডাৰ নাগৰিকত্ব।

Comments are closed, but trackbacks and pingbacks are open.