নিউজ ডেস্ক, ১৫ আগষ্টঃ স্বাধীনতা দিৱসৰ দিনাই বিশ্বনাথত এক মৰ্মান্তিক ঘটনা। পুুখুৰীত পৰি মৃত্যু মাতৃসহ দুই সন্তানৰ। বিশ্বনাথৰ জপৌবাৰীত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।সোমবাৰৰ পৰা সন্ধানহীন হৈ আছিল দুই সন্তানসহ মাতৃ। আজি পুৱা ঘৰৰ সমীপৰ পুখুৰীত উদ্ধাৰ কৰা হৈছে তিনিওৰে মৃতদেহ।
নিহত মাতৃগৰাকীৰ নাম মিনালী ওৰাং। আনহাতে নিহত দুই সন্তান ক্ৰমে ৰোহন ওৰাং আৰু আনন্দ ওৰাং।