নিউজ ডেস্ক, ১৬ আগষ্টঃ আজিৰে পৰা ৰাজ্যৰ ভিন্ন স্থানত আৰক্ষীৰ BMI পৰীক্ষা। জিলা সদৰসমূহত অনুষ্ঠিত হ’ব BMI পৰীক্ষা। শৰীৰৰ মেদ কমাবলৈ ৩ মাহ ধৰি আৰক্ষীসকলে কৰা প্ৰচেষ্টাৰ অন্তত আজিৰে হ’ব BMI পৰীক্ষা। BMI পৰীক্ষাত সফল নোহোৱা আৰক্ষীয়ে ল’ব লাগিব স্বেচ্ছামূলক অৱসৰ।।
কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়েনত BMI পৰীক্ষাত অৱতীৰ্ণ হ’ল আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং। ইয়াৰ পিছতেই ৰাজ্যৰ ৩৫টা স্থানত আৰম্ভ হব এই শাৰীৰিক সক্ৰিয়তাৰ মাপকাঠিৰ পৰীক্ষা।কাহিলীপাৰাৰ ৪ৰ্থ অসম আৰক্ষী বেটেলিয়ন চৌহদত বুধবাৰে প্ৰথম পৰ্যায়ত ২০০ কনিষ্ঠবলে এই পৰীক্ষাৰ সন্মুখীন হ’ব।