Daily Time Axom

শিৱসাগৰৰ ডিমৌত আলফা (স্বাঃ)ৰ লিংকমেনলৈ আৰক্ষীৰ গুলীচালনা

42

নিউজ ডেস্ক, ১৬ আগষ্টঃ শিৱসাগৰৰ ডিমৌত আলফা (স্বাঃ)ৰ লিংকমেনলৈ আৰক্ষীৰ গুলীচালনা। গুলীবিদ্ধ আলফা (স্বাঃ)ৰ লিংকমেন ৰাজু আহমেদ। বাঁও ভৰিৰ আঁঠুৰ তলত গুলী লাগিছে ৰাজু আহমেদৰ। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে গুলীচালনা কৰে। ডিমৌৰ ভেকেলাইৰ এটা নিৰ্জন পথত সংঘটিত হয় এই ঘটনা। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এইপৰ্যন্ত সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য কৰা নাই।

আহত ৰাজু আহমেদক চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে। ১২ আগষ্টত আৰক্ষীয়ে আটক কৰিছিল ৰাজু আহমেদক।

Comments are closed, but trackbacks and pingbacks are open.