মানুহক নগ্ন দেখা ‘মেজিক মিৰ’ৰ! ৯ লাখ টকাৰে কিনি পিছত ব্যক্তিজনে যি দেখিলে

তেওঁৰ বয়স ৭২ বছৰ কিন্তু সেই বয়সত উত্তৰ প্ৰদেশৰ অবিনাশ কুমাৰ শুক্লালৈ এটা অদ্ভুত চিন্তা আহিল তেওঁক পশ্চিম বংগৰ তিনিজন লোকে কয় যে তেওঁলোকে তেওঁৰ বাবে এটা যাদুকৰী দাপোন আনিব পাৰে সেই যাদুকৰী দাপোনখনত মৈনুহক উলংগ দেখা পোৱা যায় আৰু তাৰেই প্ৰেমত পৰিল অবিনাশ সেই আইনাখন তেওঁ ন লাখ টকাত কিনি আনিলে আৰু তাত যি দেখিলে… আচৰিত হ’ব।

অভিযুক্ত তিনিজন হৈছে পাৰ্থ সিনহা ৰায়, মালয় সৰকাৰ আৰু সুদীপ্ত সিনহা ৰায়। ইয়াৰে তিনিজনক ওড়িশাৰ নয়াপল্লীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকৰ পৰা ২৮ হাজাৰ নগদ ধন, ৫টা মোবাইল ফোন আৰু এখন গাড়ী উদ্ধাৰ কৰা হৈছে । অবিনাশক কোৱা হৈছিল যে এই আইনাখনত মানুহক উলংগ দেখা যায়, আৰু তেওঁ আইনাখন চাই ভৱিষ্যতৰ কথা ক’ব পাৰিব। সেই লোভতেই তেওঁ এই আইনাখন কিনে।

তেওঁ লগতে কয় যে এই তিনিওজনে নিজকে ছিংগাপুৰৰ এটা কোম্পানীৰ উচ্চ পদস্থ কৰ্মচাৰী বুলি চিনাকী দিয়ে। তেওঁলোকে প্ৰথমে কৈছিল যে এই আইনাখন ২ কোটি টকাত বিক্ৰী কৰিব বিচাৰে, নাছাৰ বিজ্ঞানীসকলেও এই আইনাখন ব্যৱহাৰ কৰে।সেই কথা শুনি অবিনাশে আইনা এখন কিনাৰ সিদ্ধান্ত ল’লে তাৰ বাবে তেওঁ ন লাখ টকা দিয়ে।

কিন্তু তেওঁ পিছত তেওঁ আচল সত্য বুজি পায় ।

Assamese NewsDaily time axomIndiaInternationalWorld
Comments (0)
Add Comment