Daily Time Axom

কাৰ্গিল বিজয়ৰ ৰূপালী জয়ন্তী

0 47

কাৰ্গিল বিজয়ৰ ২৫ বছৰীয়া জয়ন্তী উপলক্ষে ভাৰতীয় সেনাই দেশৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে এক বিশেষ ‘কুইজ প্ৰতিযোগিতা’ৰ আয়োজন কৰে।

এই প্ৰতিযোগিতাত ‘Battle of Minds – Indian Army Quiz 2023’ শীৰ্ষক এটা ল’গ’ প্ৰকাশ কৰা হৈছে। এই উপলক্ষে দিল্লীৰ সেনাৰ মনেকাশ কেন্দ্ৰত উপস্থিত থাকে সেনাবাহিনীৰ ভাইচ ষ্টাফ লেফটেনেণ্ট জেনেৰেল সুচিন্দ্ৰ কুমাৰ। সেনা পত্নী কল্যাণ সংস্থাৰ সভানেত্ৰী অৰ্চনা পাণ্ডেই কুইজ প্ৰতিযোগিতাৰ ল’গ’ মুকলি কৰে। পৰমবীৰ চক্ৰ লাভ কৰা অৱসৰপ্ৰাপ্ত সুবেদাৰ মেজৰ কেপ্তেইন যোগেন্দ্ৰ সিং যাদৱ আৰু সুবেদাৰ মেজৰ সঞ্জয় কুমাৰো আছিল। এই অনুষ্ঠানত দেশৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিদ্যালয়ৰ অধ্যক্ষসকলে অংশগ্ৰহণ কৰে।
এই প্ৰতিযোগিতাত ১৫০০ বিদ্যালয়ৰ পঞ্জীয়নৰ লক্ষ্য গ্ৰহণ কৰা হৈছে। যাতে দেশৰ কমেও ডেৰ কোটি ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে। প্ৰতিটো দলত তিনিজন ছাত্ৰ-ছাত্ৰী থাকে। সহ-শিক্ষামূলক বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰতিটো গোটত এগৰাকী ছোৱালী থকাটো বাধ্যতামূলক। সকলোৰে বয়স ১০ৰ পৰা ১৬ বছৰৰ ভিতৰত হ’ব লাগিব। ছাত্ৰ-ছাত্ৰী ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ভিতৰৰ । এই প্ৰতিযোগিতাখন অনলাইন আৰু অফলাইন দুয়োটা মোডতে হ’ব। আঞ্চলিক কমাণ্ড পৰ্যায়ৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী পৰ্যায় আন্তঃকমাণ্ড আৰু চূড়ান্ত পৰ্যায় ৰাষ্ট্ৰীয় পৰ্যায়ত হ’ব। প্ৰথম পৰ্যায়ত হ’ব অনলাইন মোড। এই পৰ্যায়ৰ সফল প্ৰাৰ্থীসকল পৰৱৰ্তী পৰ্যায়ৰ কমাণ্ড লেভেল পৰ্যায়ত শাৰীৰিকভাৱে উপস্থিত থাকিব।

Leave A Reply

Your email address will not be published.