Daily Time Axom

মাত্ৰ ১৪ মাহতে মোহভংগ! ব্ৰেকআপৰ পথত ব্ৰিটনি-ছেম

0 48

সংসাৰ কৰা বয়স মাত্ৰ ১৪ মাহ! ইমান কম সময়ৰ ভিতৰতে মোহভংগ হৈ পৰিল ব্ৰিটনী স্পিয়াৰ্ছ-ছেম আছঘৰী।

এক ঘনিষ্ঠ সূত্ৰৰ মতে, ব্ৰিটনী-ছেমে পৃথকীকৰণৰ বাবে আবেদন জনাইছিল। অৱশেষত বুধবাৰে দুয়ো বিচ্ছেদ ঘটে। কিন্তু গোচৰটো ক’ত দাখিল কৰা হ’ল কোনেও নাজানে। ২০২২ চনৰ ৯ জুনত কেলিফৰ্ণিয়াৰ থাউজেণ্ড অকছত থকা নিজৰ ঘৰত চেলেনা গোমজ, ড্ৰু বেৰীম’ৰ, পেৰিছ হিল্টন আৰু মেডোনাৰ সন্মুখত স্পিয়াৰ্ছে আছঘৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ছবাৰ বিবাহ বিচ্ছেদৰ পিছত এয়া তেওঁৰ সপ্তম বিবাহ আছিল।

২০১৬ চনৰ “স্লাম্বাৰ পাৰ্টি” মিউজিক ভিডিঅ’ত প্ৰথমবাৰৰ বাবে মডেল অভিনেতা আছঘৰীৰ সৈতে অভিনয় কৰিছিল পপ ছুপাৰষ্টাৰগৰাকীয়ে। ইয়াৰ পিছত সিহঁতে ডেটিং আৰম্ভ কৰে। পাঁচ বছৰ ধৰি ডেটিং কৰাৰ পিছত ২০২১ চনৰ ছেপ্টেম্বৰ মাহত দুয়োজনে এংগেজমেণ্টৰ কথা ঘোষণা কৰে। বিচ্ছেদৰ সন্দৰ্ভত ব্ৰিটনীয়ে কয় যে বিয়াৰ এমাহ আগতে তেওঁৰ গৰ্ভপাত হৈছিল। তথাপিও সিহঁতৰ বিয়া হ’ল। কিন্তু শেহতীয়াকৈ তেওঁলোকৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। ৪১ বছৰীয়া কণ্ঠশিল্পীগৰাকীৰ এয়া সপ্তম বিবাহ, আনহাতে ২৯ বছৰীয়া আছগাৰীৰ তৃতীয় বিবাহ।

Leave A Reply

Your email address will not be published.