নিউজ ডেস্ক, ১৭ আগষ্টঃ জাগীৰোডৰ নেলীত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় আনন্দ স্বৰূপ নামৰ এজন ৫৫ বছৰীয়া লোক। মালিগাঁও ৰে’ল ষ্টেচন ইউনিটৰ মুখ্য অভিযন্তা আছিল আনন্দ। নিহত আনন্দ স্বৰূপৰ ঘৰ মুম্বাইত। AS 01KC 9253 নম্বৰৰ ইন’ভা বাহনখনেৰে ডিমাপুৰলৈ যোৱাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা।চলন্ত ইন’ভা গাড়ীখনৰ চকা খুলি যোৱাত নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো। নিয়ন্ত্ৰণ হেৰুওৱা ইন’ভাখনে খুন্দা মাৰে ৰৈ থকা এখন ট্ৰাকত। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ থকা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় লোকজন।।