আমেৰিকাৰ এদল চিকিৎসকে এক নতুন দাবী উত্থাপন কৰিছে।
পেছাত অস্ত্ৰোপচাৰ বিশেষজ্ঞ চিকিৎসকসকলে দাবী কৰে যে তেওঁলোকে সফলতাৰে গাহৰিৰ বৃক্ক এটা মানুহৰ শৰীৰত প্ৰতিস্থাপন কৰিছে। এমাহতকৈও অধিক সময়ৰ পাছতো সেই মানৱ শৰীৰত কোনো ধৰণৰ জটিলতা লক্ষ্য কৰা নহ’ল।
গাহৰিৰ বৃক্কই স্বাভাৱিকভাৱে কাম কৰি আছে। বিজ্ঞানীসকলে কৈছে যে যিজন ব্যক্তিৰ শৰীৰ প্ৰতিস্থাপন কৰা হৈছে তেওঁৰ ‘ব্ৰেইন ডেথ’ হৈছে। নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ লেংগন ট্ৰান্সপ্লাণ্ট ইনষ্টিটিউটৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞসকলে কয় যে এইটোৱেই হৈছে মানুহৰ আটাইতকৈ দীৰ্ঘজীৱী গাহৰিৰ বৃক্ক, যদিও ৰোগীৰ মৃত্যু হৈছে।
প্ৰতিষ্ঠানটোৰ সঞ্চালক ৰবাৰ্ট মণ্টগোমেৰীয়ে কয় যে এই অগ্ৰগতিয়ে ভৱিষ্যতে জীৱিত মানুহৰ গাহৰিৰ বৃক্ক সংস্থাপন আৰু গৱেষণাত সহায় কৰিব। বিজ্ঞানীসকলে জনোৱা মতে, গাহৰিৰ বৃক্ক প্ৰতিস্থাপনৰ পূৰ্বে সংশোধন কৰি বিশেষ জিন আঁতৰাই পেলোৱা হৈছিল, যিটো জিন মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই আক্ৰমণ কৰি ধ্বংস কৰে।
গৱেষকসকলৰ মতে আমেৰিকাত ১ লাখ ৩ হাজাৰ লোকৰ অংগ সংৰোপণৰ প্ৰয়োজন। ইয়াৰে ৮৮ হাজাৰ লোকক কিডনীৰ প্ৰয়োজন। এই অংগসমূহ লাভ কৰিবলৈ অপেক্ষা কৰি থাকোঁতে বহুতৰে মৃত্যু হয়। জনা যায় যে গাহৰিৰ বৃক্ক প্ৰতিস্থাপন কৰা ব্যক্তিজনৰ নাম আছিল মৰিছ ম’ মিলাৰ। ৫৭ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। পিছত তেওঁৰ মৃতদেহ পৰিয়ালৰ লোকে গৱেষণাৰ বাবে দান কৰে।