Daily Time Axom

তামুলপুৰত চোৰৰ সন্দেহত এজন যুৱকক মৰিয়াই মৰিয়াই হত্যা

36

নিউজ ডেস্ক, ১৭ আগষ্টঃ তামুলপুৰৰ তিনিপুখুৰীত ভয়ংকৰ ঘটনা। চোৰৰ সন্দেহত এজন যুৱকক মৰিয়াই মৰিয়াই হত্যা। চোৰৰ সন্দেহত যুৱকজনক তামোল গছত বান্ধি মৰিয়াই হত্যা। মৃত যুৱকজন তিনিপুখুৰীৰ বিনোদ ব্ৰহ্ম। তিনিপুখুৰীৰ বলাই দাস নামৰ এজনৰ ঘৰত এই ঘটনা সংঘটিত হয়। বৰ্তমান পলাতক হৈ আছে বলাই দাস।

ঘটনাস্থলীত তামুলপুৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। ঘটনাৰ পিছতেই অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰিছে।

Comments are closed.