জেলত হয়তো ইমৰাণক বিষাক্ত দ্ৰব্য সেৱন কৰা হৈছে: বুছৰা বিবি
পঞ্জাৱৰ কুখ্যাত এট’ক জেলত বন্দী হৈ থকা পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পত্নী বুছৰা বিবিয়ে তেওঁৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ কয়, ‘ইমৰান খানক জেলত বিষক্ৰিয়া হ’ব পাৰে’। শুকুৰবাৰে পঞ্জাৱৰ গৃহ সচিবলৈ লিখা এখন পত্ৰত বুছৰা বিবিয়ে এই কথা কয়।পত্ৰখনত বুছৰাই কয় যে আদালতে ইমৰাণ খানক ৰাৱালপিণ্ডিৰ আদিয়ালা জেললৈ বদলি কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিছে।তেওঁ লগতে কয় ‘মোৰ স্বামীক কোনো কাৰণ নোহোৱাকৈয়ে আটক জেলত ৰখা হৈছে। আইন অনুসৰি তেওঁক ৰাৱালপিণ্ডিৰ আদিয়ালা জেললৈ বদলি কৰা উচিত।’ইমৰাণৰ পত্নীয়ে কয় যে পিটিআইৰ অধ্যক্ষক তেওঁৰ সামাজিক আৰু ৰাজনৈতিক মৰ্যাদা বিবেচনা কৰি জেলত ‘বি’ শ্ৰেণীৰ সুবিধা প্ৰদান কৰা উচিত। ইমৰাণ খান অক্সফৰ্ডৰ স্নাতক আৰু দেশৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক। কিন্তু আটক কৰি ৰখা জেলত এনে সুবিধা উপলব্ধ নহয়। চিঠিখনত বুছৰাই কাৰাবন্দী ইমৰাণক ঘৰতে বনোৱা খাদ্য দিয়াৰ অনুমতি বিচাৰিছে। তেওঁ কয় যে কেইমাহমান পূৰ্বে ইমৰাণক হত্যাৰ দুটা চেষ্টা কৰা হৈছিল। এই ঘটনাৰ লগত জড়িতসকলক এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই। তেওঁৰ জীৱন এতিয়াও বিপদত পৰিছে। ইমৰাণক এট’ক জেলত বিষাক্ত দ্ৰব্য সেৱন কৰা হ’ব পাৰে বুলিও আশংকা কৰা হৈছে।যোৱা সপ্তাহৰ আৰম্ভণিতে পিটিআইৰ মূল সমিতিখনেও ইমৰাণক বিষাক্ত দ্ৰব্য দিয়া হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছিল। লগতে ঘৰতে ৰন্ধা খাদ্য পৰিবেশন কৰিবলৈ অনুমতি দিবলৈও দাবী জনায়।৭০ বছৰীয়া ইমৰাণ খান বৰ্তমান পঞ্জাৱৰ এট’ক জেলত বন্দী হৈ আছে।