ইতিহাস প্ৰসিদ্ধ মৰঙি মৌজাৰ ঐতিহ্যমণ্ডিত মৰঙি দীননাথ উচ্চ মাধ্যমিক বিদ্যালয়ে ১৯৮৩ চনতে হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰ হিচাপে স্বীকৃতি লাভ কৰে ৷ সেই সময়ৰে পৰা প্ৰতিবছৰে হাজাৰ হাজাৰ শিক্ষাৰ্থী হাইস্কুল শেষান্ত পৰীক্ষাত অবতীৰ্ণ হৈ সুখ্যাতিৰে উতীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰব কঢ়িয়াই আনিছে ৷ আজি বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত প্ৰাক্তন শিক্ষাবিদ অজিত শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠানত মৰঙি পোৰাবঙলা চেইণ্ট মেৰী হাইস্কুলৰ পৰা অভয় চাহুৱে মৰঙি কেন্দ্ৰত অবতীৰ্ণ হৈ শ্ৰেষ্ঠতম কেন্দ্ৰ ছাত্ৰ শিক্ষাৰ্থীৰ বঁটা লাভ কৰে ৷ প্ৰয়াত ৰিপুণ শৰ্মা সোঁৱৰণী আৰু সুব্ৰত ৰাজবংশী সোঁৱৰণি দুটাকৈ বঁটা প্ৰদান কৰে ৷ আনহাতে মৰঙি কেন্দ্ৰৰ শীৰ্ষস্থান লাভ কৰা ছাত্ৰী দেৱলীনা শৰ্মাক প্ৰয়াত দেৱকান্ত বৰদলৈ সোৱঁৰণী আৰু প্ৰয়াত ৰিপুন শৰ্মা সোৱঁৰণী বঁটা প্ৰদান কৰে ৷ দাতা পৰিয়ালৰ হৈ অপৰাজিতা বৰপূজাৰী, সুভাষ ৰাজবংশী আৰু দীপাঞ্জলী বৰদলৈ উপস্থিত থাকে ৷ সভাত আৰম্ভণিতে বিদ্যলয়ৰ ছাত্ৰছাত্ৰী সকলে কোৰাছ পৰিবেশন কৰে ৷ সভাত মৰঙি কেন্দ্ৰৰ অধীনৰ কেউখন বিদ্যালয়ৰ প্ৰধানৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷