Daily Time Axom

ATM ৰ পৰা টকা উলিয়াওতে সাৱধান হওঁক

34

নিউজ ডেস্ক, ১৯ আগষ্টঃ মহানগৰীত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ।এজন লোকে বেলতলাত পিতৃৰ ঔষধৰ বাবে ধন উলিয়াবলৈ ATM যাওঁতে প্রৱঞ্চকৰ জালত পৰে । ভুক্তভোগী লোকজন বেলতলাৰ দ্বিপুল কুমাৰ ডেকা বুলি জানিব পৰা গৈছে। কৌশলেৰ দ্বিপুল ডেকাৰ পৰা ATM কাৰ্ড সলনি কৰি প্ৰৱঞ্চক দলটোৱে ATM কাৰ্ডৰ পৰা ৮০ হাজাৰ টকা লুটি নিয়ে।

উল্লেখ্য যে, দুই প্ৰৱঞ্চকে টুপী পৰিধান কৰি ভুক্তভোগী দ্বিপুল কুমাৰ ডেকাৰ সৈতে ATM ত সোমাইছিল। সেই সময়তে প্ৰৱঞ্চকে সমগ্ৰ ঘটনা সংঘটিত কৰে।সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী লোক জনে ইতিমধ্যে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। দিছপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

Comments are closed, but trackbacks and pingbacks are open.