নিউজ ডেস্ক, ১৯ আগষ্টঃ বজালীত নৃশংস হত্যাকাণ্ডৰ ঘটনা। ১১ দিনীয়া কন্যা সন্তানক হত্যা কৰি গাঁতত পুতি থলে পাষান পিতৃয়ে।
বজালীৰ ডুবি মালিপাৰাত সংঘটিত হৈছে এই অমানৱীয় ঘটনা। নিজৰ ১১ দিনীয়া সন্তানক ৪ লাখ টকাত বিক্ৰী কৰাৰ যো–জা কৰিছিল পিতৃ নিৰঞ্জন মালাকাৰে। এই কথা পৰিয়ালৰ লোকে জ্ঞাত হোৱাৰ পিছত বিফল হয় নিৰঞ্জন মালাকাৰ। অৱশেষত বিক্ৰী কৰিব নোৱাৰি দেৱশিশুটিক হত্যা কৰি গাঁতত পুতি থোৱাৰ অভিযোগ নিৰঞ্জন মালাকাৰৰ বিৰুদ্ধে।
বৰ্তমান পলাতক হৈ আছে নিৰঞ্জন মালাকাৰ। ঘটনাস্থলীত পাঠশালা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।