নিউজ ডেস্ক, ১৯ আগষ্টঃ মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড়ৰ মৃতদেহ উদ্ধাৰ। উদ্যানখনৰ ভূঞাপাৰা ৰেঞ্জৰ কালঝাৰ কেম্পৰ সমীপত উদ্ধাৰ এটা মতা গঁড়ৰ মৃতদেহ। আজি পুৱা বনকৰ্মীয়ে উদ্ধাৰ কৰে গঁড়টোৰ খৰ্গ, দাঁত, নখ আদি।
ঘটনাস্থলীত উপস্থিত উদ্যানখনৰ ক্ষেত্র সঞ্চালক ড০ বৈভৱ চি মাথুৰ। ৫ দিন পূৰ্বে স্বাভাৱিকভাৱে গঁড়টোৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰ আৰু চি এইচ ডি সুমন মহাপাত্ৰই।