লাডাখত মৰ্মান্তিক দুৰ্ঘটনা, পাহাৰৰ পৰা সেনাৰ ট্ৰাক বাগৰি পৰে, ৯ জন জোৱানৰ মৃত্যু

যোৱা নিশা লাডাখত কৰুণ দুৰ্ঘটনা। ৯ জন জোৱানৰ মৃত্যু হোৱাৰ লগতে এজন লোক আহত হয়। তেওঁক সেনা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

প্ৰথম অৱস্থাত পাহাৰীয়া পথত গৈ থকা অৱস্থাত সেনাবাহিনীৰ এখন ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰি দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

ট্ৰাকখনত আছিল এজন বিষয়াসহ মুঠ ১০ জন জোৱান। সেনা বিষয়াকে ধৰি ৯ জন লোকৰ মৃত্যু । এজন আহত হয়। তেওঁক উদ্ধাৰ কৰি সেনা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

সেনাৰ সূত্ৰ অনুসৰি লেহৰ পৰা ১৫০ কিলোমিটাৰ দূৰত্বত সংঘটিত হয় এই দুৰ্ঘটনা। কিয়াৰী নামৰ ঠাইত। সংবাদ সংস্থা এএনআইৰ তথ্য অনুসৰি সন্ধিয়া ৫.৪৫ বজাৰ পৰা সন্ধিয়া ৬ বজাৰ ভিতৰত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাটোৰ সৈতে সাক্ষাৎ হোৱা ট্ৰাকখন আচলতে সেনাৰ কনভয়ৰ অংশ আছিল। দুৰ্ঘটনাটোৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

উদ্ধাৰৰ কাম চলি আছে। দুৰ্ঘটনাটোৰ সঠিক কাৰণ, ইয়াৰ আঁৰত কিবা গোপন বুজাবুজি আছিল নে নাই, সেই বিষয়ে তদন্ত চলি আছে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment