২নং কলিয়ৰী গাঁ‌ৱত নিৰ্মাণ কৰা ক্লাৱ ঘৰৰ শুভ উদ্বোধন

আঞ্চলিক পঞ্চায়তৰ পঞ্চদশ বিত্তীয় আয়োগৰ যোগেদি ২নং কলিয়ৰী গাঁ‌ৱত নিৰ্মাণ কৰা ক্লাৱ ঘৰৰ শুভ উদ্বোধন।আনফালে আজিৰে পৰা ৩০ দিনীয়া ভাগৱত পাঠ কাৰ্যসূচী।

আমগুৰিৰ হাতীঘুলী পঞ্চায়তৰ গৌৰীসাগৰ আঞ্চলিক পঞ্চায়তৰ পঞ্চদশ বিত্তীয় আয়োগৰ জৰিয়তে হাতীঘূলী পঞ্চায়তৰ দুই নং কলিয়ৰী গাঁ‌ৱত নিৰ্মাণ কৰা ক্লাৱ গৃহৰ দেওবাৰে দিনৰ ১ বজাত শুভ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিলীপ দত্তই।এই অনুষ্ঠানত উপস্থিত থাকে হাতীঘুলী পঞ্চায়তৰ আঞ্চলিক সদস্যা সংগীতা বৰা আৰন্ধৰা,দুই নং কলিয়ৰী গাঁ‌ৱৰ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰণৱ দুৱৰা,সম্পাদক ৰঞ্জিত আৰন্ধৰা,কলিয়ৰী ক্লাৱৰ সভাপতি অংকুৰ বৰা,সম্পাদক উৎপল শইকীয়াকে ধৰি স্থানীয় ৰাইজ।
আনফালে দুই নং কলিয়ৰী গাঁ‌ৱত আজিৰে পৰা পৱিত্ৰ ভাদ মাহ উপলক্ষে ৩০ দিনীয়া ভাগৱত পাঠ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ লগতে আই সকলে নাম প্ৰসংগ পৰিবেশন কৰিছে।

AssamAssamese NewsDaily time axomGuwahatiInternationalNew DelhiWorld
Comments (0)
Add Comment