Daily Time Axom

অপেন ৰিলেচনশ্বীপত আছে নেকি আপুনিও

0 33

নতুন প্ৰজন্মই এতিয়া প্ৰেম, সম্পৰ্ক আৰু যৌনতাৰ পৰীক্ষা-নিৰীক্ষা চলাইছে।

সেই হিচাপে অপেন ৰিলেচনশ্বীপ বৰ্তমান অতি জনপ্ৰিয়। কিন্তু এই অপেন ৰিলেচনশ্বীপ কি? নতুন প্ৰজন্ম কিয় এই সম্পৰ্কৰ প্ৰতি আগ্ৰহী ?

বিশেষজ্ঞসকলে কয় যে অপেন ৰিলেচনশ্বীপ মানে এজন ব্যক্তিৰ প্ৰেমত নপৰাকৈ সম্পৰ্কত থকা। কিন্তু প্ৰথম সংগীৰ পৰা গোপনে কথা নাৰাখি নতুন সংগীৰ বিষয়ে অতি স্পষ্টকৈ কোৱা । কিন্তু অপেন ৰিলেচনশ্বীপৰ আন এটা দিশ আছে, য’ত প্ৰতিশ্ৰুতি ইমান শক্তিশালী নহয়। বৰঞ্চ যিকোনো সময়তে নিজৰ সংগীৰ লগত বন্ধুত্বৰহে প্ৰতিশ্ৰুতি থাকে।

কিয় এই অপেন ৰিলেচনশ্বীপ?

মনোবিজ্ঞানীসকলে কয় যে এই যুগত নতুন প্ৰজন্মৰ হাতত বহু বিকল্প আছে। আৰু সেই বিকল্পৰ বাবেই তেওঁলোকে সম্পৰ্কবোৰৰ এটাৰ ওপৰত নিৰ্ভৰ নকৰে। গতিকে সম্পৰ্কত জড়িত হোৱাৰ পিছতো তেওঁলোকে আন এটা বিকল্প হাতত ৰাখে।

বিশেষজ্ঞসকলৰ মতে, ছ’চিয়েল মিডিয়াৰ যুগত এই প্ৰজন্মৰ ল’ৰা-ছোৱালীয়ে অধিক অনিশ্চয়তাৰ সন্মুখীন হৈছে। কেৱল সেয়াই নহয়, বিভিন্ন ডেটিং এপৰ ​​সহায়ত প্ৰেমিক-প্ৰেমিকাক সহজেই লগ কৰিব পাৰি। অপেন ৰিলেচনশ্বীপত প্ৰেম, সম্পৰ্ক আৰু যৌনতা সহজেই পোৱা যায়। কিন্তু এই সম্পৰ্কত সদায় যৌন সম্পৰ্ক নাথাকিবও পাৰে । এটা অপেন ৰিলেচনশ্বীপ কেৱল ভাল সময় কটাবলৈ কৰে বহুতেই।

Leave A Reply

Your email address will not be published.