Daily Time Axom

একেখন মঞ্চতে বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

0 40

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে আগন্তুক তিনি সপ্তাহত একেখন মঞ্চত দুবাৰকৈ বৈঠকত মিলিত হ’ব। প্ৰথমখন হ’ল দক্ষিণ আফ্ৰিকাত চলিত মাহৰ ২২ তাৰিখৰ পৰা আৰম্ভ হোৱা ব্ৰিকছ সন্মিলন। দ্বিতীয়খন হৈছে ৯ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ শীৰ্ষ সন্মিলনত।

ভাৰত-চীন প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পূব লাডাখৰ ডেমচাক আৰু দেপছাঙৰ কেইবাঠাইতো চীনৰ সেনাই পূৰ্বৰ স্থানৰ পৰা আগবাঢ়ি অহাৰ সাড়ে তিনি বছৰ হ’ল।

নতুন দিল্লীয়ে এই সমস্যাৰ সমাধানৰ বাবে জি-২০ পৰ্যায়ত উপনীত হ’বলৈ আপ্ৰাণ চেষ্টা চলাইছে। পূব লাডাখ দীৰ্ঘদিন ধৰি ভাৰতৰ ফালে সোমাই আহিছে। শেহতীয়াকৈ দুয়োপক্ষৰ মাজত ১৯ নং সেনা পর্যায়ৰ বৈঠকৰ পাছতো বৰফ গলা নাই৷ সীমান্তত তিক্ততা আৰু সংঘাতৰ পৰিৱেশ হ্ৰাস কৰাৰ বাবে আজি চুচুলৰ দৌলতবাগ অলডিত মেজৰ জেনেৰেল পৰ্যায়ৰ এখন বৈঠক অনুষ্ঠিত কৰা হৈছে।

Leave A Reply

Your email address will not be published.