Daily Time Axom

কিয় উত্তৰ প্ৰদেশত ৰজনীকান্তই মুখ্যমন্ত্ৰী যোগীৰ ভৰি চুই প্ৰণাম কৰিলে,জানক আচল কথাটো কি

0 39

৭২ বছৰীয়া ছুপাৰষ্টাৰগৰাকীয়ে ৫১ বছৰীয়া ৰাজনীতিবিদগৰাকীৰ ভৰি চুই প্ৰণাম কৰে। এই দৃশ্য ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে।

যোৱা ১০ আগষ্টত ছবিগৃহত মুক্তি লাভ কৰিছিল ৰজনীকান্তৰ নতুন ছবি ‘জেলাৰ’। ২৫০ কোটিৰ বাজেটেৰে নিৰ্মিত এই ছবিখনে ইতিমধ্যে প্ৰায় ৫০০ কোটি টকাৰ ব্যৱসায় কৰিছে। উত্তৰ প্ৰদেশত ছবিখনৰ বিশেষ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰী যোগীৰ সৈতে বহি তেওঁৰ চিনেমা চাব ছুপাৰষ্টাৰে। সেইবাবেই পত্নী লতাৰ সৈতে যোগীৰাজ্য পালেগৈ। মুখ্যমন্ত্ৰীক লগ পোৱাৰ লগে লগে তেওঁ ভৰি চুই প্ৰণাম কৰিলে। যোগীয়ে ফুলৰ থোপা দি তেওঁক আদৰণি জনালে।

কিন্তু নেটিজেনৰ এটা অংশই ৭২ বছৰীয়া ছুপাৰষ্টাৰগৰাকীয়ে ৫১ বছৰীয়া ৰাজনীতিবিদগৰাকীক এনেদৰে প্ৰণাম কৰাটো ভাল পোৱা নাই। ছচিয়েল মিডিয়াত তেওঁলোকে অসন্তুষ্টি প্ৰকাশ কৰিছে।

তেওঁলোকে ভাবে যে তেনে কৰাৰ কোনো প্ৰয়োজন নাছিল। হতাশাও প্ৰকাশ কৰিছে।

অৱশ্যে বহু লোক ছুপাৰষ্টাৰৰ কাষলৈ আহে। কিন্তু এচামৰ মতে যুক্তি হ’ল ৰজনীকান্ত অতি ধৰ্মীয় ব্যক্তি। তেওঁ জানে যে ২০১৪ চনৰ ১৪ ছেপ্টেম্বৰত নাথ জনগোষ্ঠীৰ পৰম্পৰাগত অনুষ্ঠানত যোগী আদিত্যনাথক ‘গোৰখনাথ মন্দিৰৰ পিঠাধীশ্বৰ’ হিচাপে সিংহাসনত অধিষ্ঠিত কৰা হৈছিল। সেইবাবেই তেওঁ ভৰি স্পৰ্শ কৰি প্ৰণাম কৰিলে।

Leave A Reply

Your email address will not be published.