বহু বছৰৰ মূৰত ঘূৰি আহি বক্স অফিচত চুনামী সৃষ্টি কৰিছে ছানি দেউলে। শেহতীয়াকৈ মুক্তি পোৱা ছানী দেউলৰ ছবি ‘গদাৰ ২’ই ইতিমধ্যে বক্স অফিচত ৩০০ কোটি টকা অতিক্ৰম কৰিছে। সফলতা আৰু প্ৰশংসাৰ জোৱাৰত ভাঁহি আছে অভিনেতাগৰাকী। ঠিক মাজতে ছানি দেউলে অনুৰাগীৰ বাবে এটা ভাল খবৰ দিলে।
তেওঁ ক’লে, গদাৰ আকৌ আহিব। ছানীয়ে স্পষ্ট কৰি দিয়ে যে, ‘গাদৰ ২’ৰ সফলতাৰ পিছত চিনেমাখনৰ দলটোৱে ‘গাদৰ ৩’ নিৰ্মাণৰ বাবে কঠোৰ পৰিশ্ৰম আৰম্ভ কৰিছে।
ইয়াৰ পূৰ্বে বিমানবন্দৰত সাংবাদিকৰ সন্মুখীন হোৱাৰ সময়ত ছানী দেউলক সোধা হৈছিল যে, “সকলোৱে গাদাৰ ৩ৰ বাবে অপেক্ষা কৰি আছে। আহিবনে?” উত্তৰত ছানীয়ে কয়, ‘গদাৰ ৩ আহিব।
ইফালে শেহতীয়াকৈ এক সাক্ষাৎকাৰত ‘গাদৰ ২’ৰ পৰিচালক অনিল শৰ্মাই ‘গাদৰ ৩’ৰ কথা কয় যে “সেইটোলৈ অপেক্ষা কৰিব লাগিব”। ধৈৰ্য্যৰ ফল মিঠা।
মুক্তিৰ পূৰ্বেও অভিলেখ ভংগকাৰী এডভান্স বুকিং লাভ কৰিছে ‘গাদাৰ ২’য়ে। মেট্ৰ’ চহৰৰ প্ৰায় সকলো চিনেমাগৃহতে চিনেমাখন ভৰি আছিল এক ঘৰ। মুক্তিৰ পিছত দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰে। সমালোচকসকলেও চিনেমাখনক প্ৰশংসা কৰিছে, যাৰ ফলত চিনেমা হলত দৰ্শকৰ সংখ্যা অহৰহ বৃদ্ধি পাইছে।
২০০১ চনত মুক্তি পোৱা ছানী দেউলৰ ‘গদাৰ’ ছবিখন সেই বছৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হয়।
ইয়াৰ উপৰিও বলীউডৰ সৰ্বাধিক উপাৰ্জন কৰা ছবিৰ ভিতৰত ই অন্যতম।