Daily Time Axom

চন্দ্ৰত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ লুনা-২৫

0 33

৪৭ বছৰৰ ভিতৰত ৰাছিয়াৰ প্ৰথমটো চন্দ্ৰ অভিযান দুৰ্ঘটনাত নিঃশেষ হয়। লুনা-২৫ নামৰ ৰাছিয়াৰ মহাকাশযানখন চন্দ্ৰত দুৰ্ঘটনাগ্ৰস্ত হয়। প্ৰি-লেণ্ডিং মেনুভাৰৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা। দেওবাৰে ৰাছিয়াৰ মহাকাশ সংস্থা ৰস্কোচমছে এই তথ্য প্ৰকাশ কৰে।

ৰস্কোচমছৰ মতে, শনিবাৰে স্থানীয় সময় অনুসৰি ২:৫৭ বজাত নিয়ন্ত্ৰণ কক্ষটোৱে লুনা-২৫ৰ সৈতে যোগাযোগ হেৰুৱাই পেলায়। ৰস্কোচমছে কয় যে ১৯ আৰু ২০ আগষ্টত মহাকাশযানখনৰ স্থান নিৰ্ণয়ৰ চেষ্টা কৰা হৈছিল। মহাকাশযানখনৰ সৈতে যোগাযোগৰ চেষ্টা কৰা হৈছিল যদিও সেই চেষ্টা সফল নহ’ল।

এই দুৰ্ঘটনাৰ কাৰণৰ তদন্ত কৰা হ’ব বুলি মহাকাশ সংস্থাটোৱে জানিবলৈ দিয়ে।

কিন্তু মহাকাশযানখনৰ কেনেধৰণৰ কাৰিকৰী সমস্যা আছিল তাৰ কোনো ইংগিত দিয়া নাছিল ৰস্কচমছে।

১১ আগষ্টত ৰাছিয়াই উৎক্ষেপণ কৰিছিল লুনা-২৫। ই চন্দ্ৰৰ কক্ষপথতো প্ৰৱেশ কৰিছিল। মহাকাশযানখন চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ কথা আছিল।

ইয়াৰ আগতে ১৯৭৬ চনত তেতিয়াৰ ছোভিয়েট ইউনিয়নে চন্দ্ৰলৈ এখন মহাকাশযান প্ৰেৰণ কৰিছিল। ইয়াৰ নাম আছিল লুনা-২৪।

Leave A Reply

Your email address will not be published.