মৈৰাবাৰী মহাবিদ্যালয়ত শিক্ষক আৰু কৰ্মচাৰী গোটৰ কৰ্মবিৰতি পালন

এক দেশ এক নীতি
পুৰণি পেঞ্চন ব্যৱস্থা আমাৰ দাবী।
এই শ্লোগানেৰে সমগ্ৰ অসমৰ লগতে মৈৰাবাৰী কলেজ শিক্ষক গোট আৰু কৰ্মচাৰী গোটে আজি কৰ্মবিৰতি কাৰ্যসূচী পালন কৰে।
সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ আহ্বান ক্ৰমে আৰম্ভ হোৱা এই দুদিনীয়া কৰ্মবিৰতি কাৰ্যসূচীৰ আজি প্ৰথম দিনাই মৈৰাবাৰী কলেজৰ সমূহ শিক্ষক সকলে কলেজ চৌহদৰ ভিতৰত দিনজোৰা কাৰ্যসূচীৰে কৰ্মবিৰতি পালন কৰে। আৰু সমাগত হোৱা শিক্ষকসকলে পুৰণি পেঞ্চন ব্যৱস্থা (OPS) বাহাল ৰাখক আৰু নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰক শ্লোগানেৰ লগতে ষষ্ঠ আৰু সপ্তম দৰমহা আয়োগৰ পাবলগীয়া বকেয়া সমুহ প্ৰদান কৰক আদি শ্লোগানেৰে মৈৰাবাৰী কলেজ চৌহদ উত্তাল কৰি তোলে। আজি কৰ্মবিৰতি কাৰ্যসূচীৰ ফলত প্ৰায় দুহাজাৰ ছাত্ৰ -ছাত্ৰী পাঠদানৰ পৰা বঞ্চিত হয়।


মৈৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ প্ৰতিবেদন ।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment