দেৱগণক প্ৰাৰ্থনা কৰা অথবা পূজা পাতাল সকলোতে লাগে ফুল । ফুল ভাল নোপোৱা আছে জানো কোনোবা । উত্তৰ গুৱাহাটীৰ এখন বিশেষ ঠাই য’ত পথৰ দুয়ো কাষে ভিন্নৰঙী ফুল ফুলি আছে । কেবল ফুলেই নহয় তুলসী গছেও শোভা বৰ্ধন কৰিছে পথছোৱা ।
শিলসাঁকোৰ শিৱ কান্ত বৰুৱা নামৰ এজন সমাজদায়বদ্ধ লোকে পাতিছে ফুলৰ মেলা । বহু বছৰৰ পৰা নিজ পদুলিৰ পৰা পথৰ দুয়োকাষে ফুল তুলসী ৰোপন কৰি সুন্দৰ কৰি ৰাখিছে পথছোৱা । পথৰ নলা খান্দি ফুলবোৰ নষ্ট কৰাৰ পিছতো পুণৰ ৰোপণ কৰিলে ফুল । পেছাত ব্যৱসায়ী হ’লেও শিৱকান্ত বৰুৱাৰ আছে এটি সৃষ্টিশীল মন। কেৱল ইমানেই নহয় সমাজ সেৱক শিৱকান্ত বৰুৱাই নিজৰ কষ্টোপাৰ্জিত ধন ব্যয় কৰি সাজিছে বৃহৎ নামঘৰ আৰু এই নামঘৰ সাজি সমাজৰ বাবেই অৰ্পণ কৰিছে শিৱকান্ত বৰুৱাই ।