ইথিওপিয়াৰ পৰা শ শ শৰণাৰ্থীক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে ছৌদি আৰৱৰ সীমান্তৰক্ষী বাহিনীয়ে। আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থা হিউমেন ৰাইটছ ৱাচৰ (HRW) এক প্ৰতিবেদনত ইয়াক ‘গণহত্যা’ বুলি উল্লেখ কৰা হৈছে। ৭৩ পৃষ্ঠাৰ এই প্ৰতিবেদনত ইয়াক ‘মানৱতাৰ বিৰুদ্ধে অপৰাধ’ বুলি চিনাক্ত কৰা হৈছে। মৃতসকলৰ ভিতৰত অসংখ্য শিশু আৰু মহিলাও আছে।
গৃহযুদ্ধৰ সময়ত ইথিওপিয়াৰ জেৰবাৰ পৰা অহা শৰণাৰ্থীসকলে ছৌদি সীমান্তৰে য়েমেনৰ মাজেৰে দেশখনলৈ যাবলৈ চেষ্টা কৰিছিল। কিন্তু ছৌদি সীমান্তৰক্ষী বাহিনীয়ে বিস্ফোৰক নিক্ষেপ কৰি তেওঁলোকক হত্যা কৰে। খবৰ অনুসৰি নিশাৰ আন্ধাৰত সীমান্ত পাৰ হ’বলৈ গৈ শৰণাৰ্থীকেইজনৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা আৰম্ভ কৰে।
কিন্তু নাম প্ৰকাশ নকৰা ছৌদি প্ৰশাসনৰ এক সূত্ৰই সংবাদ মাধ্যমৰ আগত কয় যে ইতিমধ্যে ছৌদি আৰব প্ৰশাসনে সকলো অভিযোগ খাৰিজ কৰিছে। তেওঁলোকৰ মতে, এইচ আৰ ডব্লিউৰ অভিযোগ ‘ভিত্তিহীন আৰু কোনো নিৰ্ভৰযোগ্য উৎসৰ ওপৰত ভিত্তি কৰি নহয়।’ অৱশ্যে ইথিওপিয়া চৰকাৰ বা য়েমেন প্ৰশাসনেও এই সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰা নাই। যদিও ইতিমধ্যে আমেৰিকাই এই প্ৰতিবেদনক লৈ উদ্বেগ প্ৰকাশ কৰিছে। এই সন্দৰ্ভত বিস্তৃত তদন্তৰ দাবী জনাইছে।