“জীৱনৰ স’তে” শিমলুগুৰি আঞ্চলিক ছাত্র সন্থাৰ ব্যতিক্ৰমী কাৰ্যসূচীত আজিৰ অতিথি সমল ব্যক্তি আদিত্য বিক্ৰম যাদৱ
নতুন প্ৰজন্মৰ শৈক্ষিক, সংস্থাপন, স্বনিয়োজন আদি বিষয় সমূহক সামৰি শিমলুগুৰি আঞ্চলিক ছাত্র সন্থাই “জীৱনৰ সতে” শীৰ্ষক এক ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহন কৰি আহিছে । এই কাৰ্যসূচীৰ জৰিয়তে ছাত্র-ছাত্ৰী সকলক সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষা সমূহৰ বাবে প্ৰস্তুতি, বিভিন্ন কাৰিকৰী বিষয় সমূহৰ অধ্যয়ন , সংস্থাপন আৰু স্বনিয়োজন আদি বিষয় সমূহৰ ওপৰত বিভিন্ন বিষয়ৰ বিশেষজ্ঞ ব্যক্তিয়ে মাৰ্গ দৰ্শন কৰিব । প্ৰতি মাহতে অনুষ্ঠিত হোৱা এই কাৰ্যসূচীৰ দ্বিতীয় বৰ্গ আজি শিমলুগুৰি শ্বহীদ ভৱনত অনুষ্ঠিত হয়, দ্বিতীয় সমল ব্যক্তি হিচাবে উপস্থিত থাকে শিৱসাগৰ জিলাৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱ।
ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ বহু অভিজ্ঞতাৰে পূষ্ট বক্তব্য আগবঢ়ায়৷
প্ৰশাসনিক সেৱাৰ দিশত কিদৰে আগবাঢ়িব সেই বিষয়ত পুংখানুপুংখভাৱে মত দাঙি ধৰি ছাত্ৰ – ছাত্ৰী সকলক উদ্বুদ্ধ কৰে আয়ক্তগৰাকীয়ে৷