পাকিস্তানত ৰ’প ৱেত আবদ্ধ হৈ পৰে ৬টা শিশুসহ ৮জন লোক

পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাৰ বাটাৰগ্ৰাম অঞ্চলত স্কুললৈ যোৱাৰ পথত ৰ’প ৱেত আবদ্ধ হৈ পৰে ছয়টা শিশুসহ ৮ জন লোক।

বৰ্তমান মাটিৰ পৰা ২৭৪ মিটাৰ উচ্চতাত আছে ৰ’প ৱেটো। পাক আৰ্মীয়ে উদ্ধাৰ কৰিছে ৮ জন লোকক।

কিন্তু দুৰ্গম এলেকাৰ বাবে উদ্ধাৰ অভিযানত পলম হৈছে। পাকিস্তানৰ উত্তৰ-পশ্চিম অঞ্চলৰ এটা উপত্যকাত সংঘটিত হয় এই দুৰ্ঘটনা। পাকিস্তানৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰীয়ে উদ্ধাৰ অভিযান ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। সেনাৰ হেলিকপ্টাৰখনে উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰিলেও আৱদ্ধ লোকসকলৰ অৱস্থাৰ বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই। হেলিকপ্টাৰ আহি পোৱাৰ আগতেই চাৰি ঘণ্টা ধৰি আবদ্ধ হৈ আছিল আঠজন। মঙলবাৰে পুৱা প্ৰায় ৭ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।
জনা যায় যে দুৰ্গম অঞ্চলটোৰ সেই পথটোত প্ৰতিদিনে ১৫০ জন লোকে প্ৰাণকোপট কৰি যাত্ৰা কৰে।

AssamAssamese NewsDaily time axomGuwahatiIndiaWorld
Comments (0)
Add Comment