Daily Time Axom

কামৰূপ ফুটবল টুৰ্ণামেণ্ট ২০২৩ উপলক্ষে চাংসাৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ সংবাদমেল

0 41

চাংসাৰি ক্ৰীড়া সন্থাৰ উদ্যোগত স্বৰ্গীয় শুভচৰণ নাথ আৰু স্বৰ্গীয় কবিন নাথ সোঁৱৰণী পঞ্চম বাৰ্ষিক আমন্ত্ৰণমূলক প্ৰাইজমানী কামৰূপ ফুটবল টুৰ্ণামেণ্ট খন অহা ২৬ আগষ্টৰ পৰা কামৰূপ জিলা চাংসাৰি ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ’ব। সেই উপলক্ষে সোমবাৰে আবেলি চাংসাৰি ক্ৰীড়া সন্থাৰ তৰফৰ পৰা এক সংবাদমেলত সম্বোধন কৰা হয় ।

অসম ফুটবলৰ স্বীকৃতিপ্ৰাপ্ত কামৰূপ টুৰ্ণামেণ্টত অসমৰ আগশাৰীৰ ফুটবল দল ক্ৰমে,এন এফ ৰে’লৱে,কামৰূপ ফুটবল ক্লাব,অসম পুলিচ ব্লুজ, ছানৰাইজ ফুটবল ক্লাব, গুৱাহাটী চিটি ফুটবল ক্লাব, মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থা, বৰমা ইউনাইটেড, গোৰেশ্বৰ টাউন ক্লাৱ আৰু আছাম ৱাৰিঅ’ৰচ একাডেমীয়ে অংশগ্ৰহণ কৰিব।

মুঠ ৯ টা দলৰ ভিতৰত ৮ খন খেল অনুষ্ঠিত কৰা হ’ব। ২৬ আগষ্ট তাৰিখে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানেৰে জাকজমকতাৰে কামৰূপ টুৰ্ণামেণ্টত শুভাৰম্ভণি কৰা হ’ব আৰু ১৭ ছেপ্টেম্বৰত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানেৰে টুৰ্ণামেণ্টৰ সামৰণি পৰিব। টুৰ্ণামেণ্টত বিজয়ী দলক ৩০,০০০ হাজাৰ টকা বিজিত দলক ২৫, ০০০ টকা প্ৰাইজমানী লগতে প্ৰতিখন খেলত প্লেয়াৰ অব দা মেচ আৰু ছুৰান্ত খেলত প্লেয়াৰ অৱ দা মেছ আৰু প্লেয়াৰ অব দা টুৰ্ণামেণ্টত প্ৰদান কৰা হ’ব।

Leave A Reply

Your email address will not be published.