সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ আহ্বান মৰ্মে আজি নাজিৰা মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত সংস্থাৰ নাজিৰা মহকুমা সমিতিয়ে সৰ্বাত্মক কৰ্মবিৰতি কৰ্যসূচীৰ জৰিয়তে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। “এক দেশ – এক নীতি”ক মান্যতা প্ৰদান কৰি সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাই সমগ্ৰ ৰাজ্যতে দুদিনীয়াকৈ গ্ৰহণ কৰা ৰাষ্ট্ৰীয় পেঞ্চন আচঁনি বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰা, এন পি এছৰ অধীনস্থ চৰকাৰী কৰ্মচাৰীসকলক অৱসৰকালীন সকলো সুবিধা প্ৰদান কৰা, এন পি এছৰ আওঁতাত পৰা কৰ্মচাৰী সকলক ঘোষণা কৰা অনুসৰি নূন্যতম ১০ লাখ টকা ডি চি আৰ জি প্ৰদানৰ দাবীত আজি দ্বিতীয় হয় দিনাও নাজিৰা মহকুমা সমিতিয়ে সৰ্বাত্মক কৰ্মবিৰতিৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । পিছত সংস্থাৰ নাজিৰা মহকুমা সমিতিয়ে ভাৰপ্ৰাপ্ত মহকুমাধিপতিৰ যোগেদি প্ৰধান মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে ইয়াৰ পিছতো চৰকাৰে ৰাষ্ট্ৰীয় পেঞ্চন আচঁনি বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন তথা সংস্থাৰ দাবী কাৰ্যকৰী নকৰিলে অনাগত সময়ত আন্দোলনৰ কাৰ্যসূচী অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ দিয়ে।