Daily Time Axom

মাৰ্ঘেৰিটা এফ আৰ ইউত উপস্থিত টাই আহোম যুৱ পৰিষদ অসমৰ মাৰ্ঘেৰিটা মহকুমা সমিতিৰ সজাঁতি দল

0 41

মাৰ্ঘেৰিটা এফ আৰ ইউত উপস্থিত টাই আহোম যুৱ পৰিষদ অসমৰ মাৰ্ঘেৰিটা মহকুমা সমিতিৰ সজাঁতি দল।

চিকিৎসালয়খনৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰাৰ লগতে নৱ নিযুক্ত অধ্যক্ষ মৃদুল গগৈক আদৰণি জ্ঞাপন।

আজি টাই আহোম যুৱ পৰিষদ অসমৰ মাৰ্ঘেৰিটা মহকুমা সমিতিৰ এটা সজাঁতি দলে আজি মাৰ্ঘেৰিটা এফ আৰ ইউত উপস্থিত হৈ নৱ নিযুক্ত অধ্যক্ষ মৃদুল গগৈ সৈতে এক আলোচনাত মিলিত হয়।

এই আলোচনা কালত বিগত সময়চোৱাত চিকিৎসালয়খনত সংঘটিত হোৱা বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে।

ৰাইজৰ মৰম আৰু আস্থা বুটলিবলৈ সক্ষম হোৱা তথা অঞ্চলটোৰ এগৰাকী সু-চিকিৎসক হিচাপে পৰিচিত চিকিৎসক ড০ৰাকেশ গুপ্তাক চিকিৎসালয়খনৰ পৰা বদলিকৰনৰ সিদ্ধান্ত বাতিল কৰিব বাবেও প্ৰতিনিধি দলটোৱে অধ্যক্ষ গৰাকীক আহ্বান জনায়।

নৱ নিযুক্ত অধ্যক্ষ ড০ বিজয় গগৈয়ে প্ৰতিনিধি দলটো আগত চিকিৎসালয়খনৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ যৎপৰোনাস্তি চেষ্টা কৰিব বুলি আশ্বাস প্ৰদান কৰে।

প্ৰতিনিধি দলটোক নেতৃত্ব প্ৰদান কৰে টাই আহোম যুৱ পৰিষদ অসমৰ মাৰ্ঘেৰিটা মহকুমা সমিতিৰ যুটীয়া সম্পাদক অজিত বেজবৰুৱাই।

অজিত বেজবৰুৱাই এই পৰিদৰ্শন সন্দৰ্ভত সাংবাদিকৰ আগত এনেদৰে নিজৰ মন্তব্য ব্যক্ত কৰে।

মাৰ্ঘেৰিটা পৰা প্ৰতীক ছেত্ৰীৰ ৰিপৰ্ট

Leave A Reply

Your email address will not be published.