Daily Time Axom

ISRO ৰ চাৰি বিজ্ঞানীৰ সফলতা

38

নিউজ ডেস্ক, ২৪ আগষ্টঃ জোনবাইৰ দেশত অৱতৰণ কৰি ইতিহাস ৰচিলে ভাৰতে। সফল হ’ল চন্দ্ৰযান-৩ৰ অৱতৰণ। ভাৰতৰ শ্ৰী হৰিকোটাৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ISROৰ বিজ্ঞানীসকলে গৌৰৱান্বিত কৰিলে প্ৰতিজন ভাৰতীয়ক। চন্দ্ৰৰ দক্ষিণ মেৰুত উপনীত হোৱা প্ৰথমখন দেশ হিচাপে চিহ্নিত হ’ল ভাৰতবৰ্ষ।

চন্দ্ৰযান-৩ৰ সৈতে জড়িত ISROৰ বিজ্ঞানীসকলৰ মাজত অসমৰ কেইবাগৰাকী বিজ্ঞানীও আছিল। লখিমপুৰৰ চয়ন দত্ত , তিনিচুকিয়াৰ নিধি শৰ্মা , বিশ্বনাথৰ উদ্দীপনা কলিতা । ISROৰ বিজ্ঞানীসকলৰ মাজত অসমৰ ২৮ বছৰীয়া যুৱ বিজ্ঞানী ৱাই বিশাল সিংহও অন্যতম। বিশাল এই অভিযানৰ থাৰ্মাল কন্ট্ৰ’ল টিমত (Chanyaan-3, Thermal Control Team) আছিল। যুৱ বিজ্ঞানী বিশাল শিলচৰ চহৰৰ সমীপৰ ৰামনগৰ টুকো অঞ্চলৰ বাসিন্দা। ২০১৯ চনত পঢ়ি থকাৰ সময়ত মহাকাশ গৱেষণা সংস্থা ISROত নিযুক্তি লাভ কৰিছিল বিশালে ।

Comments are closed, but trackbacks and pingbacks are open.