Daily Time Axom

ধেমাজিৰ বোমা বিস্ফোৰণৰ সকলো অভিযুক্তক দোষমুক্ত ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

38

নিউজ ডেস্ক, ২৪ আগষ্টঃ ধেমাজিৰ বোমা বিস্ফোৰণৰ সকলো অভিযুক্তক দোষমুক্ত ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। ২০০৪ চনৰ ১৫ আগষ্টত সংঘটিত হৈছিল এক ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা। স্বাধীনতা দিৱসৰ দিনা বোমা বিস্ফোৰণ ঘটাইছিল আলফাই। সেই বিস্ফোৰণত ১৮টি কণ কণ শিশুৰ মৃত্যু হৈছিল। আনহাতে আহত হৈছিল অৰ্ধশতাধিক লোক।

দীৰ্ঘদিনীয়া শুনানিৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই বিস্ফোৰণত জড়িত সকলো অভিযুক্তকে দোষমুক্ত ঘোষণা কৰিলে। অৰ্থাৎ এইসকল লোক বোমা বিস্ফোৰণৰ লগত জড়িত নাছিল বুলি শেষ ৰায় দিলে উচ্চ ন্যায়ালয়ে।

Comments are closed, but trackbacks and pingbacks are open.