Daily Time Axom

এগৰাকী কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি নলবাৰীৰ সাৰথি হাস্পতালত উত্তপ্ত পৰিস্থিতি

36

নিউজ ডেস্ক, ২৪ আগষ্টঃ নলবাৰীৰ সাৰথি হাস্পতালত উত্তপ্ত পৰিস্থিতি ৷ এগৰাকী কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে।ভুল চিকিৎসাৰ বাবে মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ ৷

নলবাৰীৰ দৰদী বৈশ্য নামৰ এগৰাকী কিশোৰীৰ মৃত্যুক লৈ এই উত্তেজনা ৷ বৃহস্পতি বাৰে নলবাৰীৰ সাৰথি হাস্পতালত চিকিৎসাৰ বাবে ভৰ্তি কৰাইছিল দৰদী বৈশ্যক ৷
অষ্ট্ৰোপচাৰৰ পিছতে সংজ্ঞাহীন হোৱাত গুৱাহাটীলৈ স্থানান্তৰ কৰিছিল কিশোৰী গৰাকীক।গুৱাহাটীৰ GNRC হস্পিতাললৈ লৈ গৈছিল কিশোৰীগৰাকীক ৷
GNRC হস্পিতালতো কোনো ধৰণৰ সংজ্ঞা ঘুৰি নহাত মৃত্যু হোৱাৰ পিছতে পৰিয়ালৰ লোক তথা ৰাইজ ক্ষুদ্ধ হৈ পৰে ৷

কিশোৰীগৰাকীৰ মৃতদেহটো লৈ হাস্পতালৰ সম্মুখত প্ৰতিবাদ সাব্যস্ত কৰে পৰিয়াল আৰু স্থানীয় ৰাইজে৷

Comments are closed, but trackbacks and pingbacks are open.