৬৯ সংখ্যক চলচ্চিত্ৰ বঁটা ঘোষণাঃ আলু অৰ্জুনলৈ শ্ৰেষ্ঠ অভিনেতা, আলিয়া ভাট, কৃতি সেননলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা
নিউজ ডেস্ক, ২৫ আগষ্টঃ বৃহস্পতিবাৰে ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা কৰা হয়। বলীউডৰ অভিনেত্ৰী আলিয়া ভাট আৰু কৃতি সেননক শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হৈছে আৰু দক্ষিণৰ চুপাৰষ্টাৰ আল্লু অৰ্জুনক শ্ৰেষ্ঠ অভিনেতাৰ বঁটা প্ৰদান কৰা হৈছে।
পুষ্পা দ্যা ৰাইজ ছবিৰ বাবে আলু অৰ্জুনলৈ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা। আনহাতে ‘গংগুবাই’ ছবিৰ বাবে আলিয়া ভাট আৰু ‘মিমি’ ছবিৰ বাবে কৃতি সেননলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হৈছে। এইবাৰ দুগৰাকী অভিনেত্ৰীয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ কৰিছে।
Comments are closed, but trackbacks and pingbacks are open.