নিউজ ডেস্ক, ২৫ আগষ্টঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ মৃতদেহ উদ্ধাৰ। কহঁৰা বনাঞ্চলৰ মিঠুনমাৰী বন শিৱিৰ এলেকাৰ বিলত উদ্ধাৰ হৈছে উৱলি যোৱা গঁড়ৰ মৃতদেহটো ৷ উদ্ধাৰ হোৱা গঁড়ৰ মৃতদেহটোৰ পৰা উদ্ধাৰ হোৱা নাই খৰ্গ ৷
বন বিভাগৰ মতে গঁড়টোৰ স্বাভাৱিক মৃত্যু হৈছে আৰু খৰ্গটো বিলৰ পানীত পৰি যোৱাৰ সন্দেহ কৰিছে৷ আনহাতে খৰ্গটোৰ সন্ধানত বন বিভাগৰ অভিযান অব্যাহত আছে ৷