নিউজ ডেস্ক, ২৫ আগষ্টঃ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক গ্ৰেপ্তাৰ। নিৰ্বাচনৰ ফলাফল সলনিৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্ৰাম্প। বৃহস্পতিবাৰে সন্ধিয়া জৰ্জিয়াত গ্ৰেপ্তাৰ হয় ট্ৰাম্প।
২০২০ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল সলনি কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হয় তেওঁ। আদালতৰ পৰামৰ্শ অনুসৰি ট্ৰাম্প আৰু গোচৰটোত অভিযুক্ত মুঠ ১৯ জনক গ্ৰেপ্তাৰ কৰা হৈছে। অৱশ্যে ৩০ মিনিটৰ বাবেহে গ্রেপ্তাৰ ড’নাল্ড ট্রাম্পক। ২ লাখ ডলাৰ ব’ণ্ডত জামিন লাভ ড’নাল্ড টাম্পৰ।