নিউজ ডেস্ক, ২৬ আগষ্টঃ পুনালুৰ-মাদুৰাই এক্সপ্ৰেছত অগ্নিকাণ্ড। তামিলনাডুৰ মাডুৰাইত শনিবাৰে পুৱা ৰে’লখনৰ এটা প্ৰাইভেট পাৰ্টী ক’ছত সংঘটিত হৈছে এই ঘটনা। এটা গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলতে সংঘটিত হয় এই অগ্নিকাণ্ড।যাত্ৰীয়ে চোৰাং গেছ চিলিণ্ডাৰ সৰবৰাহ কৰাৰ অভিযোগ ৰে’ল কৰ্তৃপক্ষৰ।
অগ্নিকাণ্ডত ১০গৰাকী যাত্ৰীৰ মৃত্যু, আহত হৈছে ২০জনকৈ যাত্ৰী।আহতসকলক স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। নিহতৰ পৰিয়াললৈ ১০ লাখ টকাকৈ ক্ষতিপূৰণ ঘোষণা ৰে’ল বিভাগৰ।
Comments are closed, but trackbacks and pingbacks are open.