Daily Time Axom

২৩ আগষ্টৰ দিনটোক National Space Day হিচাপে পালন কৰা হ’বঃ ISROত উপস্থিত হৈ প্ৰধানমন্ত্ৰীৰ ঘোষণা

30

নিউজ ডেস্ক, ২৬ আগষ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে বিদেশ যাত্ৰাৰ পৰা উভতি অহাৰ পিছত বেংগালুৰুত উপস্থিত হয়।বিমানবন্দৰৰ পৰা পোনে পোনে ইছৰ’ৰ মুখ্য কাৰ্যালয়লৈ ৰাওনা হয়। ISROৰ মুখ্য কাৰ্যালয়ত চন্দ্ৰযান–৩ অভিযান সফল কৰা বিজ্ঞানীসকলৰ সৈতে মত বিনিময় কৰে।

উল্লেখ্য় যে, চন্দ্ৰযান-৩য়ে যি স্থানত অৱতৰণ কৰিছে ভাৰতে সেই স্থানৰ নামাকৰণ কৰাৰ সিদ্ধান্ত লৈছে বুলি জানিবলৈ দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে। যি স্থানত চন্দ্ৰযান-৩ৰ লেণ্ডাৰে অৱতৰণ কৰিছিল সেই স্থানক “শিৱশক্তি” নামেৰে জনা যাব বুলি ঘোষণা নৰেন্দ্ৰ মোডীৰ। তদুপৰি ২৩ আগষ্ট দিনটোক ৰাষ্ট্রীয় মহাকাশ দিৱস হিচাপে পালন কৰাৰো ঘোষণা প্ৰধানমন্ত্ৰীৰ।

ইছৰ’ চেণ্টাৰত বিজ্ঞানীসকলক মোদীয়ে কয় যে, মংগলযানৰ সফলতাই, চন্দ্ৰযানৰ সফলতাই, দেশৰ যুৱ প্ৰজন্মক এক নতুন আধাৰ প্ৰদান কৰিব। আজি বাণিজ্যৰ পৰা প্ৰযুক্তিলৈ ভাৰতৰ নাম প্ৰথম শাৰীৰ দেশত থাকে। থাৰ্ড ৰ’ৰ পৰা ফাৰ্ষ্ট ৰ’লৈ এই যাত্ৰাত আমাৰ ‘ইছ–ৰ’ৰ দৰে সংস্থাই ডাঙৰ ভূমিকা পালন কৰিছে।

Comments are closed, but trackbacks and pingbacks are open.