গুটখা, পানমচলা নিষিদ্ধ কৰাক লৈ চৰকাৰলৈ জাননী উচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্ক, ২৬ আগষ্টঃ অসমত প্ৰচলিত ৪৩টা ব্ৰেণ্ডৰ পাণমচলা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।গুৱাহাটী উচ্চ ন্যায়ালয়ত এই তথ্য খাদ্য সুৰক্ষা বিভাগৰ। ৪৩টা ব্ৰেণ্ডৰ পাণমচলাত ক্ষতিকাৰক মেগনেছিয়াম কাৰ্বনেটৰ উপস্থিতি।

এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ স্বাস্থ্য সেৱাৰ সঞ্চালক, খাদ্য সুৰক্ষা আয়ুক্ত আৰু ৰাজ্য চৰকাৰলৈ জাননীও জাৰি কৰিছে।মুখ্য ন্যায়াধীশ সন্দীপ মেহতাৰ বিচাৰপীঠে জাৰি কৰিছে জাননী।

ইফালে পাণ মচলাত যি বিষাক্ত মেগনেছিয়ামৰ উপস্থিতি ধৰা পৰিছে সেই মেগনেছিয়াম মানুহৰ পেটলৈ যোৱাৰ ফলত কেন্সাৰ, কাৰ্ডিয়াক এৰেষ্ট আদিৰ দৰে ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক।

AssamAssamese NewsBannedDaily time axomGauhati High CourtGutkhaGuwahatiIndia