Daily Time Axom

মেঘালয়ৰ সোণাপুৰত ভয়ংকৰ ভূমিস্খলন, ৰাজপথত আৱদ্ধ শ শ বাহন

58

নিউজ ডেস্ক, ২৬ আগষ্টঃ বৰাক-গুৱাহাটী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ ভূমিস্খলন। সোণাপুৰ টানেলৰ সন্মুখত হোৱা ভূমিস্খলনৰ ফলত ৮ ঘণ্টা ধৰি ব্যাহত হৈ আছে যাতায়াত-যোগাযোগ। ঘাইপথত আৱদ্ধ হৈ পৰিছে শ শ বাহন।

পাহাৰৰ পৰা নামি অহা বোকামাটিয়ে পুতি পেলাইছে সোনাপুৰ সুৰংগৰ সন্মুখ ভাগ। ফলত শনিবাৰৰ পুৱাৰে পৰা সম্পূৰ্ণ বন্ধ হৈ পৰে ৬ নম্বৰ শিলচৰ-বদৰপুৰ-শ্বিলং ৰাষ্ট্ৰীয় ঘাইপথ।

Comments are closed, but trackbacks and pingbacks are open.