এইবাৰ খোদ আৰক্ষীৰ গৃহতে নিৰ্যাতিতা হ’ল বনকৰা মহিলা

নিউজ ডেস্ক, ২৬ আগষ্টঃ পুনৰ খাকী পোছাকত দাগ। এইবাৰ খোদ আৰক্ষীৰ গৃহতে নিৰ্যাতিতা হ’ল বনকৰা মহিলা। এই ঘটনাৰ স্থান নাজিৰা। নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ কাণ্ডত এতিয়া স্তম্ভিত সকলো।

বনকৰা মহিলাৰ গাত গৰম পানী ঢালি, বাথৰূমত ভৰাই অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ।নিৰ্যাতনৰ বলি হোৱা মহিলা গৰাকীৰ নাম অনিমা প্ৰজা। শৰীৰৰ বিভিন্ন স্থানত নিৰ্যাতনৰ দাগ মহিলা গৰাকীৰ।

নাজিৰা আদৰ্শ আৰক্ষী থানাত গোচৰ ভুক্তভোগী মহিলাৰ। লগতে মহকুমা আৰক্ষী বিষয়াৰ বিৰুদ্ধে নাজিৰা আদৰ্শ আৰক্ষী থানাত আটছা সংগঠনৰ এজাহাৰ দাখিল।

ঘটনা সন্দৰ্ভত জাঙুৰ খাই উঠিছে আটছা। লগতে উচিত তদন্তৰ দাবী জনাই আটছাই।

AssamAssam PoliceAssamese NewsDaily time axomIndiaNazira