গোসাঁইগাঁৱত দুখীয়া আৰ্তজনাৰ কাষত অসম জাতীয় পৰিষদ ধৰ্মীয় সংখ্যালঘূ শক্তি

গৰীৱ-দুখীয়া,আৰ্তজনাৰ কাষত এইবাৰ থিয় দিলে লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদ।গোসাঁইগাঁও মহকুমা তথা বিটিচিৰ ২নং গুমা পাৰিষদীয় সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চল অসম জাতীয় পৰিষদ ধৰ্মীয় সংখ্যালঘু শক্তিৰ সজাতি দলে পৰিদৰ্শন কৰি ৰাইজৰ সমস্যা আৰু উন্নয়ন বুজ লৈ আজি ২নং টকেয়ামাৰী আৰু ২নং সাতবিলত দুখীয়া দৰিদ্ৰ লোক আৰু শাৰীৰিকভাৱে সক্ষম এগৰাকী ব্যক্তিক সহায় আগবঢ়ায়।২নং টকেয়ামাৰীত একেবাৰে দুখীয়া বৃদ্ধ লোক থাকিবলৈ ভাল ঘৰ এটা নথকা পৰিয়ালটোক টিনপাত প্ৰদান কৰাৰ লগতে ২নং সাতবিলত এগৰাকী শাৰীৰিকভাৱে সক্ষম মহিলাক এটা তিনি চকীয়া হেণ্ড চাইকেল প্ৰদান কৰে।তেওঁলোকৰ এনে কাৰ্যত আঞ্চলবাসী উৎফুল্লিত হোৱাৰ লগতে সচেতন মহলে শলাগ লৈছে।আজিৰ অনুষ্ঠানত অসম জাতীয় পৰিষদ ধৰ্মীৰ সংখ্যালঘু শক্তি কোকৰাঝাৰ জিলা সভাপতি ফজৰ আলী সহ দলৰ আন আন নেতা-কৰ্মী উপস্থিত থাকে।

AssamAssamese NewsDaily time axomIndiaInternationalWorld
Comments (0)
Add Comment