নতুন যুগ নতুন কথা…! ডেকা বুঢ়া কথা নাই আৰম্ভ কৰক ‘মাষ্টাৰডেটিং’!

নতুন যুগ নতুন কথা…! ডেকা বুঢ়া কথা নাই আৰম্ভ কৰক ‘মাষ্টাৰডেটিং’!

এই মুহূৰ্তত ‘মাষ্টাৰডেটিঙে’ ইণ্টাৰনেটৰ দৃষ্টি আকৰ্ষণ কৰিছে।

ইয়াৰ অৰ্থ কি ? ডেটিঙৰ বাবে মাষ্টাৰমাইণ্ড প্লেনিং নে আন কিবা? বহুতে কয় যে এই বিশেষ ডেটিং স্থায়ী সম্পৰ্কত কৰিব পাৰি।

বহুতে ‘মি টাইম’ৰ বিষয়ে কম বেছি পৰিমাণে জানে। এই ‘মাষ্টাৰডেটিং’ কথাটো তাৰ অলপ ওচৰ চপা। ইণ্টাৰনেটত এটা বিশেষ এপত হেচটেগযুক্ত মাষ্টাৰডেটিং ভিডিঅ’ আপলোড কৰিছে ব্যৱহাৰকাৰীসকলে। লাখ লাখ মানুহে চাই লাইক আৰু কমেন্ট কৰিছে।

‘মাষ্টাৰডেটিং’ এতিয়া নিত্য-বিৱৰ্তনশীল পপ-সংস্কৃতিৰ অভিধানত ট্ৰেণ্ডিং হৈ পৰিছে। এই ডেটিং নিজৰ লগত। ‘মাষ্টাৰডেটিং’ হ’ল পাব, ৰেষ্টুৰেণ্ট, বাৰ, মিউজিয়াম, থিয়েটাৰ বা পাৰ্কত অকলে সময় কটোৱা। স্বাৱলম্বীতাৰ ভাৱ জগাই তোলাৰ বাবে ই ভাল। উপহাৰেৰে নিজকে প্ৰেৰণা দিয়াটোও ডেটিঙৰ এটা অংশ। এই ডেটিং আপুনি প্ৰকৃততে কোন সেইটো উপলব্ধি কৰাৰ বাবে এক আদৰ্শ।

কোনো ব্যক্তিয়ে যেতিয়া অকলে চিনেমা চাবলৈ বা পাৰ্কলৈ যায় তেতিয়া তেওঁ নিজকে আটাইতকৈ বেছি চিনি পায়। ভিৰৰ মাজতো অকলে থাকি উপভোগ কৰিব পাৰে। আনকি কমিটমেণ্টেড ৰিলেচনশ্বিপত থকা মানুহেও মাষ্টাৰডেটিং কৰাৰ চেষ্টা কৰিব পাৰে।

AssamAssamese NewsDaily time axomGuwahatiWorld
Comments (0)
Add Comment