বিতৰ্কিত মন্তব্য কৰি বিপদত পৰিছে আমেৰিকান লেখিকা তথা ছ’চিয়েল মিডিয়াৰ জনপ্ৰিয় মুখ এন কল্ট

বুধবাৰে ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ বাবে প্ৰথম বিতৰ্ক অনুষ্ঠিত হয়। প্ৰথম দিনটোত ভাৰতীয় মূলৰ দুগৰাকী আমেৰিকান ৰিপাব্লিকান নিকি হেলী আৰু বিবেক ৰামাস্বামীয়ে অংশগ্ৰহণ কৰে। সেই বিতৰ্কক লৈ ঘৃণনীয় মন্তব্য কৰাৰ বাবে আমেৰিকান লেখিকা তথা ছ’চিয়েল মিডিয়াৰ জনপ্ৰিয় মুখ এন কল্টৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে।

তেওঁ এক্স হেণ্ডেলত লিখিছে, ‘নিকি আৰু বিবেকে হিন্দু বিষয়ত বিতৰ্ক কৰিছে। এয়া আমাৰ যুঁজ নহয়।’ এই মন্তব্যই ছ’চিয়েল মিডিয়াত ৬১ বছৰীয়া এন্নেৰ বিৰুদ্ধে সমালোচনাৰ ধুমুহাৰ সৃষ্টি কৰে। বিবেকৰ উপদেষ্টা তথা মুখপাত্ৰই লিখিছে, “এনে যি বিচাৰে টুইট কৰিব পাৰে…. বিবেক এই দেশৰ মূল বিশ্বাসত ইহুদী-খ্ৰীষ্টান বিশ্বাসী।”

প্ৰসংগক্ৰমে ৩৮ বছৰীয়া বিবেক হিন্দু আৰু ৫১ বছৰীয়া নিকি শিখ পৰিয়ালৰ আৰু খ্ৰীষ্টান ধৰ্মত বিশ্বাসী। সেইদিনাৰ বৈঠকত দুয়োজনে ধৰ্মক লৈ কোনো ধৰণৰ বিতৰ্কত লিপ্ত হোৱা নাছিল। আলোচনাৰ বিষয় আছিল ইজৰাইল আৰু ইউক্ৰেইনলৈ আমেৰিকাৰ সাহাৰ্য।

AssamAssamese NewsDaily time axomIndiaInternationalWorld
Comments (0)
Add Comment