দিছপুৰ প্ৰেছ ক্লাবৰ ২০২৩ বৰ্ষৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানটি শনিবাৰে ৰাজ্যিক লোকনিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় ।
অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণৰ সহযোগত আয়োজন কৰা দিছপুৰ প্ৰেছ ক্লাবৰ ২০২৩ বৰ্ষৰ বিভিন্ন শিতানৰ বঁটা প্ৰাপক সকল হ’ল ক্ৰমে — সম্পাদক বঁটা, দৈনিক জনমভূমি কাকতৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকন, সাংবাদিকতা বঁটা অসমীয়া প্ৰতিদিন কাকতৰ ভবেন দত্ত, ডি ৱাই ৩৬৫ হেমন্ত শৰ্মা, নিউজ লাইভৰ সুনীল বৰা, ফটো সাংবাদিকতা বঁটা দ্য আসাম ট্ৰিবিউন কাকতৰ সমৰেন্দ্ৰ শৰ্মা, ভিডিও সাংবাদিকতা বঁটা প্ৰতিদিন টাইমৰ অবণী বেজবৰুৱা, দৈনিক অসম কাকতৰ
সুষিম ৰঞ্জন ঘোষলৈ ক্ৰীড়া সাংবাদিকতা বঁটা, নিউজ এংকৰ বঁটা এন বি লাইভৰ পূবালী শৰ্মা, সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনলৈ কৰ্মযোগী বঁটা, গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা (আই পি এছ )লৈ জনহিতৈষী আৰক্ষী বঁটা, ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ অৰ্জুন ছেত্ৰীলৈ জন সেৱা বঁটা, অভিনেতা বঁটা প্ৰসেনজিৎ বৰা, সম্প্ৰীতি বঁটা প্ৰাক্তন ছাত্ৰ নেতা নুৰুল হ’কক, যুৱ বন্ধু বঁটা হিমু ৰাজবংশী, সমাজহিতৈষী বঁটা ড°ফণিধৰ অধিকাৰীক উদ্যোগী বঁটা – মনোজ ছৰাফ, যুৱ ৰাজনীতিক বঁটা মানস প্ৰতীম দাসক, উদীয়মান কণ্ঠশিল্পী বঁটা দীপান্বিতা ডেকা, অভিনেত্ৰী বঁটা ৰিচা ছেত্ৰী, সংবাদ বান্ধৱ বঁটা চন্দন শইকীয়া, ইউটিউবাৰ বঁটা ধনশ্ৰী বৈশ্য, সাহসী বঁটা বিকাশ বৰুৱা, অগ্ৰণী মহিলা বঁটা দিপালী বৰ্মনলৈ বিশিষ্ট সমাজকৰ্মী বঁটা, প্ৰগতি বঁটা বিশিষ্ট সমাজকৰ্মী , ব্যৱসায়ী পৱন আগৰৱালা আৰুসাংবাদিক সংগঠক কল্যাণ বঁটা শংকৰ গোঁহাঞিক প্ৰদান কৰা হয়।শনিবাৰে অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বঁটা সমুহ প্ৰদান কৰা হয় । উল্লেখ্য যে, অনুষ্ঠানটিত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে সাহিত্য অকাডেমি বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক বন্দিতা ফুকন, বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ, জেষ্ঠ সাংবাদিক বৈকুণ্ঠ ভট্টাচাৰ্য, অমল গুপ্ত, দিছপুৰ প্ৰেছ ক্লাবৰ সভাপতি নৰেন হাজৰিকাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।